শিশুৰ ব্যক্তিত্ব গঠনত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা বর্তমান আমাৰ শিক্ষা ব্যৱস্থাত নৈতিক শিক্ষাৰ প্রয়োজন ব্যাপক ভাৱে অনুভৱ কৰি অহা হৈছে। নৱজাত এটি শিশু হৈছে নৈতিক চেতনাহীন জীৱ। আন আন জীৱ জন্তুৰ দৰেই এটি শিশুৰ আচৰনো হয় প্রবৃত্তি পৰিচালিত। এই সময়ত শিশু আচৰণৰ কোনো নৈতিক অনৈতিকতাৰ প্রশ্ন নুঠে|