ভঠেলি : নামনি অসমৰ এক থলুৱা উৎসৱ নামনি অসমৰ বুলিলে যদি আমি নলবাৰী আৰু বৰপেটাৰ নাম লওঁ, তেতিয়া আমাৰ মনলৈ অহা এটা উৎসৱ হ’ল ভঠেলি। মই যিহেতু নলবাৰী জিলাত জন্মগ্ৰহণ কৰাৰ সৌভাগ্য গ্ৰহণ কৰিছো, গতিকে সৰুৰে পৰা ভঠেলি উৎসৱ দেখি আহিছো। কিন্তু আমি ভঠেলি ভাবিছিলো এক বিনোদনৰ মাধ্যম হিচাবেহে। বিভিন্ন দোকান-পাহাৰ, খোৱা সামগ্ৰী, এইবোৰে আমাক