ডিজি লকাৰ (Digi Locker)

ডিজি লকাৰ

ডিজিটেল লকাৰ ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি বিদ্যা মন্ত্ৰালয়ে আগবঢ়োৱা এটি অনলাইন সেৱা। ডিজিলকাৰ ৱেবছাইট আৰু মবাইল এপত উপলব্ধ। কাগজ মুক্ত কাৰ্য্য ব্যৱস্হাৰ প্ৰতি লক্ষ্য কৰিয়ে এই সেৱাৰ আৰম্ভ কৰা হৈছিল। এই সেৱাৰ সহায়ত আমাৰ প্ৰয়োজনীয় তথ্যৰ কপি সমূহ (যেনে ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড, পান কাৰ্ড ইত্যাদি) ডিজিটেল মাধ্যমত সুৰক্ষিত ভাৱে ৰাখিব পৰা যায় আৰু প্ৰযোজনত ডিজিটেন মাধ্যমেৰে আন পোৰ্টেলত দিব পৰা যায়। উল্লেখযোগ্য যে ডিজি লকাৰত যি বোৰ তথ্য ৰখা যায় সেই তথ্যবোৰ তাৰ নিজ নিজ চৰকাৰী বিভাগৰ পৰা লোৱা হয়। সেয়েহে ইয়াত থকা তথ্যবোৰ শুদ্ধ বুলি প্ৰমাণিত হয়।

ডিজি লকাৰ সেৱা ব্যৱহাৰ কৰিবলৈ হলে আধাৰকাৰ্ড আৰু ইমেইল থকাটো বাঞ্চনীয়।প্ৰথমে ডিজি লকাৰ পোৰ্টেলত এটা একাউন্ট খুলিব লাগে। একাউন্ট খোলাৰ বাবে ডিজি লকাৰৰ এপটো মবাইলত ডাউনলোড কৰি লব পাৰি বা https://digilocker.gov.in ৱেবছাইটোত লগ ইন কৰি এখন নিৰ্দিষ্ট ফৰ্ম ভৰ্তি কৰিব লাগে। এইখিনি হোৱাৰ পিছত লগ ইন কৰিবলৈ এটা আই ডি আৰু পাছৱোৰ্ড পোৱা হয় আৰু ইয়াৰ সহায়ত একাউন্টোত লগ ইন কৰিব পৰা যায়।
ইয়াৰ পিছৰ পৰ্যায়টোত প্ৰথমে আধাৰ কাৰ্ড খন লিংক কৰাব লাগে আৰু ইয়াৰ বাবে আধাৰ নম্বৰটো দিব লাগে। আধাৰ নম্বৰ লিংক হোৱাৰ পিছত সেৱাত উপলব্ধ আন তথ্যবোৰ লিংক কৰিব পৰা যায়।

ইয়াৰ কিছুমান সূবিধা.....
১) প্ৰয়োজনীয় কাৰ্ড বোৰৰ কপি সমূহ লগত লৈ ফুৰিবলৈ হলে কাৰ্ড খন হেৰোৱাৰ সুযোগ থাকে বা নষ্ট হব পাৰে কিন্তু ডিজি লকাৰ ব্যৱহাৰ কৰিলে এনেকুৱা অসুবিধাবোৰ নাথাকে। গাড়ীখন চলাই গৈ থাকোতে যদি আপোনাৰ লাইচেঞ্চ খন দেখুৱাব লগা হয় তেন্তে ডিজি লকাৰৰ পৰা দেখাব পৰা যায় আৰু এইটো IT Act 2000 ৰ মতে আইন সন্মত।

২) কাগজৰ ব্যৱহাৰ কমাই আৰু চৰকাৰী বিভাগ বোৰৰ সময়ো কমাই।

৩) সম্পূৰ্ণ সুৰক্ষিত, ব্যৱহাৰকাৰীৰ অনুমতি অবিহনে কোনো তথ্য বেলেগে ব্যৱহাৰ কৰিব নোৱাৰে।
৪) যিবোৰ তথ্য ডিজি লকাৰত লিংক কৰিব নোৱাৰি সেইবোৰ তথ্যৰ ফোটে উঠাই ডিজি লকাৰত আপলোড কৰি ই-চাইন (e-Signature) কৰি থব পাৰি।

সবিষেস জানিবলৈ আৰু নতুন নতুন আপডেটৰ কথা জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক।
https://digilocker.gov.in

Leave a Reply

%d bloggers like this: