কোন দিশে মাইক্রফাইনেঞ্চ!

কোন দিশে মাইক্রফাইনেঞ্চ !

ৰাখী কোডাল, এগৰাকী প্রায় চল্লিশ বছৰীয়া মহিলা। ঘৰ শােণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ পলাশবস্তিত। যােৱা সপ্তাহত এই মহিলা গৰাকীয়ে আত্মহত্যা কৰিলে। জানিব পৰা মতে, আত্ম হত্যাৰ সময়তাে মহিলা গৰাকীয়ে এখন হাতত জোৰকৈ মুঠা মাৰি ধৰি আছিল ছয় খন এশ টকীয়া নােট। এটা হৃদয় বিদাৰক দৃশ্য। কিন্তু কি এই আত্মহত্যাৰ কাৰন! কোনে মৃত্যুৰ মুখলৈ ঠেলি দিলে এই মহিলা গৰাকীক!

মাইক্রফাইনেঞ্চ !

আজিকালি আমাৰ গ্ৰাম্য জীৱনৰ অনন্য অংগ হৈ পৰিছে বন্ধন, আৰােহন, এল এন্ড টি ইত্যাদিককৈ শতাধিক মাইক্রফাইনেঞ্চ কোম্পানী। গ্রামাঞ্চলৰ মহিলাক সম্বল হিচাপে লৈ এতিয়া ৰাজ্য খনত মাইক্রফাইনেঞ্চ কোম্পানী সমূহৰ মাজত চলিছে অঘােষিত প্রতিযােগিতা। যােৱা সপ্তাহত আমি শােণিতপুৰৰ বিভিন্ন স্থানলৈ যােৱাৰ সময়ত স্থানীয় নাগৰিকৰ মুখৰ পৰা শুনিছিলাে উল্লিখিত মহিলা গৰাকীৰ আত্মহত্যাৰ কথা। মহিলা গৰাকীৰ আত্মহননৰ কাৰন আছিল মাইক্রফাইনেঞ্চৰ কিস্তিৰ ধন ওভতাই দিব নােৱাৰাতাে। কেৱল এই মহিলা গৰাকীয়েই নহয়, শেহতীয়া সময়ত কোনাে নহয় কোনাে মাইক্রফাইনেঞ্চ কোম্পানীৰ সুদ-মূল সময়ত ওভতাই দিব নােৱাৰি কেইবাগৰাকীও লােকে আত্মহননৰ পথ লৈছে। এই ক্ষেত্ৰত মহিলাৰ সংখ্যাই অধিক, যি সামগ্রিক ভাবে সমাজখনৰ প্রতি অশনি সংকেত। মাতৃৰ অকাল বিয়ােগে দিশহাৰা কৰিছে ভালে সংখ্যক শিশু-কিশােৰীক, যি কথা আমাৰ অলক্ষিতে ৰৈ গৈছে।

মাইক্রফাইনেঞ্চ বা গ্রাম্যাঞ্চল প্রচলিত ভাষাত ‘গােটৰ লােন’ সন্দৰ্ভত আমাৰ প্ৰায় ভাগৰে অলপ অচৰপ ধাৰনা আছে। আমি লক্ষ্য কৰিছাে যে 2007-2014 চনত অসমত সংঘটিত হােৱা চিটফান্ড কেলেংকাৰীৰ সমান্তৰালকৈ মাইক্রফাইনেঞ্চৰ লগত জড়িত সংস্থা সমূহেও তেওঁলােকৰ বাবসায় বঢ়াই আনিছিল। এই ক্ষেত্ৰত বিশেষ আধিপত্যৰে বজাৰ দখল কৰিছিল ‘বন্ধন’ নামৰ নন্ বেংকিং ফাইনান্স কোম্পানীটোৱে। পিছত এওলােকে বেংকৰ লাইচেঞ্চো লাভ কৰিলে। মাইক্রফাইনেঞ্চৰ পৰা উন্নীত হৈ বেংকৰ লাইচেঞ্চ পালে অসমৰ আৰ জি ভি এন (এম এফ এল- নর্থ ইষ্ট) য়ে। বেংকৰ নাম- নর্থ ইষ্ট স্মল ফাইনান্স বেংক। একে সময়তে অসমত শাখাৰ প্রসাৰেৰে কাম আৰম্ভ কৰিছে। উজ্জিবন, জনা বেংক আদিকৈ কেইবাটাও ক্ষুদ্ৰ বেংকে। এই বেংক সমুহ গঠন হৈছে বিভিন্ন চৰকাৰী, অনা চৰকাৰী ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় বিত্তীয় সংস্থা বৃহৎ বিনিয়ােগেৰে। অতি লক্ষনীয় ভাবে ইয়াৰে কিছু সংখ্যক বেংকে এতিয়াও পূর্বৰ সূদূৰ হাৰতে পূথকে মাইক্রফাইনেঞ্চ চলাই আছে। আনহাতে, বন্ধনৰ দৰে আগ্রাসী কোম্পানীৰ সমান্তৰালকৈ অসমত এনে কিছু সংখ্যক নন বেংকিং ফাইনান্স কোম্পানী আছে যিবােৰে মাইক্রফাইনেঞ্চ চলাই আহিছে এক সামাজিক বাবসায় হিচাবে। ই এক অন্য ধাৰা। ইয়াত কো-অপাৰেটিভ সংস্থাও জড়িত হৈ আছে। আমি জনাত গ্রামীন চাহাৰা, ছয়গাওঁ, ছত্র ছিপাঝাৰ, অজগৰ গােৱালপাৰা, পি আৰ এফ এছ নলবাৰী ইত্যাদি সংগঠনে আগ্রাসী শক্তিৰ বিপৰীতে মাইক্রফাইনেঞ্চ সামাজিক উত্তৰণৰ মাধ্যম হিচাবে আগবঢ়াই নিব বিচাৰিছে। কিন্তু এনে অভিযান আজি সংকটৰ দিশে।

আমাৰ দেশৰ প্রেক্ষাপটত মাইক্রফাইনেঞ্চ এক বৃহৎ ব্যৱসায়ীক ক্ষেত্র। মাইক্রফাইনেঞ্চ ইন্সটিটিউত নেটৱৰ্ক (MFIN) ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতত মাইক্রফাইনেঞ্চ খন্ডত একাউন্ট থকা লােকৰ সংখ্যা 9.33 কোটি। লােন প’র্টফলিঅ’ হল 187386 কোটি। গ্র’থ ৰেট 21.9 শতাংশ। আনহাতে কেবল নন বেংকিং ফাইনান্স কোম্পানীয়েই লােন দি থৈছে 68,868 কোটি টকাৰ। গতিকে স্বাভাবিকতেই ই এক বৃহৎ বিত্তীয় ক্ষেত্র যাক অস্বীকাৰ কৰা সম্ভৱ নহয়।

কিন্তু দুর্ভাগ্যজনক কথাটো হল আমাৰ চৰকাৰ প্রশাসনে এই ক্ষেত্র খনক যথােচিত গুৰুত্ব নিদিয়া বা নিয়ন্ত্রণ নকৰা বাবে তৃনমূল স্তৰত ভয়াবহ সামাজিক সমস্যাৰ সৃষ্টি হৈছে। আমি লক্ষ্য কৰিছাে যে প্রচলিত মাইক্রফাইনেঞ্চ ব্যবস্থাত ঋন। গ্রহনকাৰীৰ সামাজিক সুৰক্ষাৰ দিশটো অতি গৌন। এইবাৰৰ বানপানীৰ সময়ত আমি সাহায্য অভিযানৰ প্রয়ােজন প্রাককলন (need assesment) বাবে কামৰূপ পুঠিমাৰি, বাগছা, বৰপেটাৰ জনিয়া কলগাছীয়া আদি অঞ্চলৰ বানাক্ৰান্তৰ লগত যেতিয়া কথা পাতিছিলাে, তেতিয়া ভালে সংখ্যক মহিলাই কেবল এটা কথাতে জোৰ দিছিল। সেয়া হল তেওলােকক ‘বন্ধন’ৰ সাপ্তাহিক কিস্তিৰ পৰা এমাহৰ বাবে ৰেহাই দিব লাগে, আন বান সাহাৰ্য্য নিদিলেও কথা নাই। মহিলা সকলৰ চকুৱে-মুখে স্পষ্ট হৈ আছিল বান পৰিস্থিতিৰ বাবে বন্ধনৰ ঋনৰ সাপ্তাহিক কিস্তি পৰিশােধ কৰিব নােৱাৰাক লৈ সৃষ্টি হােৱা মানসিক চাপ। এই ক্ষেত্ৰত আমি প্রত্যক্ষভাবে কৰিব পৰা যিহেতু একো নাছিল, আমি কেইগৰাকীমান তেনে মহিলাৰ সাক্ষৰতাৰ ভিডিও চচিয়েল মিডিয়া যােগেদি প্ৰচাৰ চলালাে। টুইটাৰযােগে সেই অসহায় মহিলাৰ অনুৰােধ সম্বলিত আপল’ড কৰি ৰাজ্যৰ মুখ্যমন্ত্রী, বিত্ত মন্ত্রী প্রমূখ কৰি বিভিন্নজনক জনালাে। আৰু পিছত গম পালাে বন্ধনকে ধৰি আন কিছু সংখ্যক সংস্থাই গােটৰ মহিলা সকলৰ অনুৰােধ ৰাখি এমাহৰ বাবে কিস্তি দাখিল পর্ব স্থগিত ৰাখিলে। এই মূহুৰ্তত আমি সকলােৱে জানিছাে যে দেশৰ অর্থনীতিয়ে জটিলতাৰ দিশে আগবাঢ়িছে। ইয়াৰ নেতিবাচক ফল আমি

সকলােৱে বিভিন্ন পর্যায়ত ভােগ কৰিব লাগিব। কিন্তু একে সময়তে উচ্চহাৰৰ সুদৰ ঋন লৈ জীবিকাৰ সন্ধান কৰা আমাৰ অসমৰে লক্ষ্য লক্ষ্য লােকে, বিশেষকৈ মহিলা ঋনীয়ে দুয়াে ফালৰ পৰা চেপাৰ সন্মুখীন হব। বজাৰৰ মন্দাবস্থা আৰু সুদ পৰিশােধৰ হেঁচাই তেওঁলােকক দিশহাৰা কৰিব। আৰু এনে আশংকা গধূৰ পৰিস্থিতিত কি হব চৰকাৰ প্রশাসন কিম্বা নাগৰিক সমাজৰ ভূমিকা ? কোনােবাই কিবা কৰিব পাৰিবনে! এনে বিষয়ত চৰকাৰ প্রশাসনে দেখুৱাই অহা নিৰুবিগ্নতাই যে সমাগত দিনৰ পৰিস্থিতি সংকটাপুর্ন কৰি তুলিব সেয়া নিশ্চিত।

(লেখকৰ ফোন নম্বৰ: 8135004417/9864097855)

Leave a Reply

%d bloggers like this: