ভৱিষ্যত ভাৰতবৰ্ষৰ পৰিকল্পনা আৰু শিক্ষা

ভৱিষ্যত ভাৰতবৰ্ষৰ পৰিকল্পনা আৰু শিক্ষা

যোৱা কেবাদিনৰ পৰা কিছুমান চিন্তাই বৰকৈ আমনি কৰি আছে।নিজকে অকৰ্মন্য যেন হোৱা ভাৱটো সঁচাই বৰ দুখজনক।মই এজন মধ্যবিত্ত পৰিয়ালৰ ভাৰতীয় যুৱক । বয়স ২২ বছৰ।এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অন্তিমটো পৰীক্ষাৰ বাবে ব্যস্ত বৰ্তমান সময়ত।

সমাগত সময় আমাৰ জীৱনত যে ইয়াৰ পিছত মি কি কৰিম!! নিজৰটো চিন্তা আছেই লগতে বন্ধু মহলতে হওঁক আত্মীয়-কুটুমেই হওঁক কেৱল প্ৰশ্ন; ইয়াৰ পিছত কি?? যা-হওঁক এটা কথা যে আমাৰ বাবেও অহা দুবছৰৰ ভিতৰতে কিবা এটা কাম ওলাবই যিদৰে আমাৰ আগৰ সকলে নিজৰ বাবে ব্যৱস্থা কৰি লৈছে। কাৰণ আমাৰ শিক্ষা আছে; কাগজত লিখা ডিগ্ৰী আছে। তাৰপিছত অকণমান নিজক সু-সংগঠিত কৰিব পাৰিলোহেনে ঘৰত বিয়াৰ জোৰ আৰম্ভ হ’বই। তাৰ পিছত ঘৰ-সংসাৰৰ সমস্যা, সন্তানৰ ভৱিষ্যত এইখিনিতেই আৱদ্ধ আমি। কিন্তু নিজ আকাংশাবোৰ কি!! কেৱল নিস্তব্ধতা; এদিনৰ জীৱনৰ ৰঙীণ সপোন শুকাই যাব। দিঠকতযে সময় নাই।

সৰুতে পঢ়িছিলো “সময় বৰ মূল্যৱান বস্তু”। বৰ মনোযোগেৰে গোট গোট আখৰেৰে হাতৰ আখৰো লিখিছিলো। কিন্তু; মনৰ মাজত কিবা ৰ’ল নে? আমি বাৰু এই মূল্যৱান বস্তুটোক কিমান কাত লগাইছো আজিলৈকে। জীৱনৰ ২২ টা বছৰত মুঠতে ২২ টা জানো ভাল কামৰ তালিকা দিব পাৰিমনে?? এখন সু-সংগঠিত সমাজৰ পৰিকল্পনা এইমূহুৰ্ততে দিব পাৰমনে? সমাজৰ পৰা যেনিতেনি কেইজনমান গ্ৰেজুৱেট উঠাই লৈ যদি আমি প্ৰশ্ন কৰো সমাজৰ প্ৰতি আমাৰ দ্বায়িত্ব কি বুলি কিমানজনে মনত লগাকৈ উত্তৰ দিব!!

মই গ্ৰেজুৱেট হয়; সমাজৰ সৰু কামবোৰ কিয় কৰিম। অইনে কি ক’ব! আৰে আমি পঢ়িলো কিয় তেতিয়াহ’লে? অৰ্থনীতি, দেশ, সমাজৰ উন্নতি ক’ত লুকাই আছে আমি যদি সেইখিনিয়েই নেজানো আমাৰ শিক্ষাৰ মূল্য কি?

আমাৰ স্কুল-কলেজৰ শিক্ষাইনো আজি-কালি শিকাই কি? শ্ৰেণী এটা আৰম্ভ হোৱাৰ পৰা কেৱল লিখাব যাতে পৰীক্ষাত লিখি আহিব পাৰে আৰু ভাল ভাল নম্বৰ পায়।তাৰ পিছত ডাঙৰ মানুহহৈ গ’লা।কিন্তু, ছাত্ৰজনে জনা কিমান হ’ল?? জীৱনত আজিলৈকে এগৰাকী ব্যক্তি মই ব্যক্তিগতভাৱে নেপালো যিয়ে ক’লেহয়; সমাজৰ, জাতি, দেশৰ বাবে স্কুলীয়া শিক্ষা; স্কুলীয়া শিক্ষাৰ বাবে সমাজ নহয়।

সৰু থাকোতে কেতিয়াবা অভিভাৱকৰ মুখৰ পৰাই শুনিছিলো; কৈছিলে, এদিনহ’লেওঁ যাতে চৰকাৰৰ ভাত খাব পাৰ তাৰ বাবে পঢ়।সেইদিনা বুজিনেপাই ভাৱিছিলো এই সাজ আকউ কেনেকুৱা ভাত!! আজি যেতিয়া বুজি উঠিছো তেনকুৱা মানসিকতাৰ ব্যক্তিক সুধিবলৈ খুউবমন গৈছে; আমাক সৰুৰ পৰা ইস্বাৱলম্বীতাৰ শিক্ষা নিদিলেকিয়, সেইচৰকাৰ খনক ভাত আমি নিজ উপাৰ্জনেৰে দিম।

শিক্ষা ব্যৱস্থাৰ সলনি হ’বৰ হ’ল আৰু সেইয়া কোনো চৰকাৰৰ শিক্ষা বিভাগেকৰাৰ প্ৰয়োজন নাই। সলনি কৰিব লাগিব আমি। আমি প্ৰতিজন যুৱ প্ৰজন্ম আৰু বহু অভিজ্ঞতাৰে পুষ্ট বিদ্যৎ সমাজ যদি একেলগ হওঁ তেন্তে সি নিজেই সলনি হ’ব। মন্তব্য সকলোৱে দিয়ে কিন্তু কাম কৰাৰ মানসিকতাৰ প্ৰয়োজন। এনে কামৰ বাবে মাৰ বান্ধি ওলাই হিব নেলাগে। নিজ হাতেৰে ঢুকি পোৱা মাথো দুজনক অভিভৱকত্ব দিয়কপ্ৰতিজনে। চাব আমাৰ পিছৰ প্ৰজন্ম লগতে নিজেওঁ সফল জীৱন যুঁজত। দেশ, সমাজ সদায়েই আগত; নিজৰ ক্ষুদ্ৰ স্বাৰ্থ চকু মুদাৰ দিনাই শেষ।

আচলতে শিক্ষাৰ আৰম্ভণি আত্ম-সন্মানবোধৰ অনুভূতিৰ পৰা কৰিব লাগে। যিদিনা সমাজে নিজে বুজিব নিজৰ প্ৰকৃত দ্বায়িত্ব সেইদিনা সমাজ উঠি আহিব এক উজ্বল ভৱিষ্যত হাতত লৈ। আমাৰ দেশৰ প্ৰতিজন ব্যক্তিয়ে যদি দৈনিক এটকাকৈয়ো উপাৰ্জন কৰে ভাৱকচোন আমাৰ দেশৰ এদিনৰ মুঠ উপাৰ্জন কিমান হ’ব। এইখন ভাৰতবৰ্ষ হয়, যাক স্বীকৃতিৰ প্ৰয়োজন নাই আছে মাথো কৰ্ম-সংস্কৃতিৰ আৰু গুৰিয়ালৰ অভাৱ। প্ৰতিজনে নিজৰে কাষৰজনক বন্ধু হিচাপে আঁকোৱালি লওঁক। নিজ পৰিয়ালৰ আগন্তুক পুৰুষলৈ টকা আৰ্জি থৈ যোৱাৰ চিন্তা কৰাতকৈ তেওঁলোকক উপাৰ্জনৰ পথ দেখুৱাই যোৱাৰ কথা ভাৱক। ভৱিষ্যত পুৰুষে আপোনাক শ্ৰদ্ধা কৰিব আৰু ভাৰতবৰ্ষই পৃথিৱীৰ অৰ্থনীতিত এদিন গুৰি ধৰিব।

Leave a Reply

%d bloggers like this: