সংগীত

সংগীত

গীত, বাদ্য আৰু নৃত্য এই তিনিওবিধ কলাকে একেলগে আমি সংগীত বুলি কওঁ। গীত আৰু বাদ্যৰ লগত নৃত্য নোহোৱাকৈ অথবা গীত আৰু নৃত্যৰ লগত বাদ্য নোহোৱাকৈ অথবা বাদ্য আৰু নৃত্যৰ লগত গীত নোহোৱাকৈ  সম্পূর্ণ সংগীত হ’ব নোৱাৰে। ভাৰতীয় পৰম্পৰা অনুসৰি কণ্ঠ সংগীত অৰ্থাৎ গীতৰ স্থান প্রথম। গীতক অনুকৰণ কৰে বাদ্যই। সেইবাবে কণ্ঠ সংগীতৰ পিছতেই বাদ্যৰ স্থান। আকৌ নৃত্যৰ স্থান সবাতোকৈ শেষত । কাৰণ গীত বা বাদ্যৰ অবিহনে এইবিধ কলা প্রদর্শিত হ’ব নোৱাৰে। সংগীতৰ উৎপত্তি কেতিয়াৰ পৰা হৈছে সেইটো কোৱা কঠিন। কাৰণ এই পৃথিৱীত যুগ যুগ ধৰি সংগীতৰ প্রচলন হৈ আছে। তথাপিও তাৰ সৃষ্টি দশম শতিকাৰ পাচত হোৱা বুলি অনুমান কৰা হয়। মানুহ, পশু-পক্ষী, গছ-গছনি আদিৰ ওপৰত ইয়াৰ প্ৰভাৱ অপৰিসীম। সংগীতে মানুহক মনোমোহিত কৰিব পাৰে । মানুহৰ হৃদয়ত আনন্দ দিব পৰা সংগীতৰ এক ক্ষমতা আছে। অকল মানুহেই নহয়, পশু-পক্ষী, আনকি প্রকৃতিৰ প্রায় সকলোকেই সংগীতে আনন্দ দিব পাৰে। সংগীতে মানুহক দুখ, ভাগৰ, চিন্তা আদি মানসিক কষ্টৰ পৰা দূৰত ৰাখিব পাৰে। সংগীতৰদ্বাৰা মানুহে মনৰ ভাব প্রকাশ কৰিব পাৰে। শংকৰদেৱে ধর্ম প্রচাৰত অশিক্ষিত আৰু নিম্নশ্রেণীৰ লোকসকলৰ বাবে সংগীতকে প্রধান উপায় হিচাপে গ্রহণ কৰিছিল। আমাৰ দেশত সংগীতো এক অমূল্য সম্পদ। আজিৰ সংগীত প্রায় বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা প্রতিষ্ঠিত। ৰাগ সংগীতৰ ফালৰ পৰা আমাৰ দেশখনক দুটা ভাগত ভগাব পাৰি। প্রথমটো উত্তৰভাগ আৰু দ্বিতীয়টো দক্ষিণ ভাগ। উত্তৰত প্রচলিত সংগীতক উত্তৰ ভাৰতীয় সংগীত বা হিন্দুস্থানী সংগীত বুলি কোৱা হয়। এই উত্তৰ ভাগত অসম, বঙ্গদেশ, উত্তৰপ্রদেশ আদি ৰাজ্য আছে। এই ৰাজ্যবোৰত উত্তৰ ভাৰতীয় বা হিন্দুস্থানী সংগীত পদ্ধতি প্রচলন হয়। আকৌ দক্ষিণত প্রচলিত সংগীতক দক্ষিণ ভাৰতীয় সংগীত বা কৰ্ণাটকী সংগীত পদ্ধতি বুলি কোৱা হয়। এই দক্ষিণ ভাৰতীয় সংগীত পদ্ধতি বা কৰ্ণাটকী সংগীত পদ্ধতি প্রচলন হোৱা ৰাজ্যবোৰ হ’ল কৰ্ণাটক,তামিলনাডু,কেৰেলা ইত্যাদি।

এই দুয়োটা সংগীত পদ্ধতিৰ মাজত কিছুমান সাদৃশ্য আৰু বৈসাদৃশ্য দেখা যায়। এই দুয়োটা পদ্ধতিৰ সাদৃশ্যবোৰ হ’ল –

১। এই দুয়োটা পদ্ধতিতে শুদ্ধ আৰু বিকৃত স্বৰ মিলাই বাৰটা স্বৰৰ প্রচলন হয়।
২। এই দুয়োটা পদ্ধতিৰে স্বৰগম, আলাপ তান আদি প্রয়োগ কৰা হয়।
আকৌ বৈসাদৃশ্যবোৰৰ ভিতৰত দুটা হ’ল়
১ । কৰ্ণাটকী সংগীত পদ্ধতিৰ গীত, তামিল, তেলেগু আদি ভাষাত ৰচিত। আনহাতে, হিন্দুস্থানী সংগীত পদ্ধতিৰ গীতৰ ভাষা হিন্দী আৰু ব্রজভাষা আদি।
২। কৰ্ণাটকী সংগীতৰ স্বৰৰ উচ্চাৰণ প্রণালী হিন্দুস্থানী সংগীতৰ দৰে নহয়।

উক্ত শাস্ত্রীয় সংগীত পদ্ধতিসমূহ আৱহমান কালৰ পৰা চলি আহিছে। বর্তমানো চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব।

Leave a Reply

%d bloggers like this: