ভঠেলি : নামনি অসমৰ এক থলুৱা উৎসৱ

ভঠেলি : নামনি অসমৰ এক থলুৱা উৎসৱ

নামনি অসমৰ বুলিলে যদি আমি নলবাৰী আৰু বৰপেটাৰ নাম লওঁ, তেতিয়া আমাৰ মনলৈ অহা এটা উৎসৱ হ’ল ভঠেলি। মই যিহেতু নলবাৰী জিলাত জন্মগ্ৰহণ কৰাৰ সৌভাগ্য গ্ৰহণ কৰিছো, গতিকে সৰুৰে পৰা ভঠেলি উৎসৱ দেখি আহিছো। কিন্তু আমি ভঠেলি ভাবিছিলো এক বিনোদনৰ মাধ্যম হিচাবেহে। বিভিন্ন দোকান-পাহাৰ, খোৱা সামগ্ৰী, এইবোৰে আমাক ভঠেলিলৈ আকৰ্ষিত কৰিছিল। সময়ে বছৰ সলোৱাৰ লগতে আমিও দিনে দিনে এক যান্ত্ৰিক পৃথিৱীৰ পথিক হ’ব লৈছো। কিন্তু মনৰ এক গোপন কোনত আজিও নষ্টালজিক হৈ আছে ভঠেলিৰ মাদকতা।

 

ভঠেলি শব্দটোৰ ব্যুৎপত্তি ব্যাখ্যা কৰা অতি দুৰূহ। ইয়াৰ মূল কেন্দ্ৰ হ’ল ভঠেলি ঘৰ আৰু পাৰ। পাৰ বুলিলে আমি ক’ব পাৰো যে এডাল অতি দীঘল বাহ, যাক চাচি চুৰুকি ধুনীয়া কৰি তাত নানাৰঙী পাতল কাপোৰ মেৰিয়াই চকুত লগাকৈ সাজি তাত চোঁৱৰ আদি মাংগলিক কিছুমান বস্ত আৰি দিয়া হই। এই ‘পাৰ’টো গাঁওৰ কোনোবা এঘৰত সাজি ঢোল-পাৰপেপা, শংখ-ঘন্টা- কাহ আদি বজাই হৰিধ্বনি কৰি ভঠেলি খোলালৈ আনা হয়। আয়তিসকলৰ উৰুলি-জোকাৰে গোটেই খোলা ৰজন-জনাই উঠে। আমি সাধাৰনতে দুই ধৰনৰ পাৰ দেখিবলৈ পাও, এটা ছুটি আৰু এটা দীঘল, এই দুটাই পুৰুষ আৰু নাৰী তথা দৰা-কইনা বা স্বামী-স্ত্ৰী ৰিজাই বুলি জনা যায়। সাধাৰনতে সাত বিহুৰ দিনা বা তাৰ পিচত ভঠেলি আয়োজন কৰা হয়। নামনি অসমৰ বহাগ মাহৰ উল্লেখযোগ্য লোক উৎসৱৰ অন্তৰ্ভুক্ত এই ভঠেলি নলবাৰী জিলাৰ জাগাৰা, বেলশৰ, টিহু, বালিকুছি আদি কৰি বিভিন্ন এলেকাৰ লগতে বৰপেটা জিলাৰ ৰামপুৰ, পাঠশালা, পাটাছাৰকুছি আদি কৰি বিভিন্ন এলেকাত অতি ধুমধামেৰে আজিও আয়োজন কৰি আহিছে।

কোনোৰ মতে আনুমানিক ৩০০ বছৰ পূৰ্বে বাঁহ পূজাৰ নিমিত্তে এই ভঠেলি উৎসৱৰ অৱতাৰণা কৰিছিল সৃষ্টিশীল গ্ৰাম্য সমাজৰ চহালোকসকলে। তেখেতসকলৰ মতে বাঁহ মানুহৰ দৈনন্দিন জীৱনৰ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি গৃহ নিৰ্মাণ আনকি মৃত্যুশয্যালৈ এক অনন্য প্ৰয়োজনীয় উপাদান। গৰমত বাঁহজোপৰ পৰা অহা বতাহজাকে দেহ-মন শীতল কৰে। গতিকে প্ৰকৃতিৰ এই অন্যবদ্য উপাদানৰ কৃতজ্ঞতা হিচাবেই এই ভঠেলিৰ আৰম্ভণি। ভঠেলিৰ লগত সংগতি ৰাখি বিভিন্ন দোকান-পোহাৰৰ সমাগম হয়। এসময়ৰ বাঁহপূজা বৰ্তমান এক মেলালৈ পৰিবৰ্তিত হৈছে। বিভিন্ন নতুন নতুন প্ৰথাৰ সংযোজন ঘটিলেও ভঠেলিৰ আধ্যাত্মিক মাদকতা এতিয়াও ম্লান হোৱা নায়। আধুনিকতা তথা যান্ত্ৰিকতাৰ বহু ঠাইত ভঠেলি উৎসৱৰ জনপ্ৰিয়তা হ্ৰাস হলেও নলবাৰী, বৰপেটাৰ বিভিন্ন ঠাইত এতিয়াও যুৱপ্ৰজন্মই ভঠেলি সংস্কৃতি ধৰি ৰাখিছে।

Leave a Reply

%d bloggers like this: