শিশুৰ ব্যক্তিত্ব গঠনত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা

শিশুৰ ব্যক্তিত্ব গঠনত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা

বর্তমান আমাৰ শিক্ষা ব্যৱস্থাত নৈতিক শিক্ষাৰ প্রয়োজন ব্যাপক ভাৱে অনুভৱ কৰি অহা হৈছে। নৱজাত এটি শিশু হৈছে নৈতিক চেতনাহীন জীৱ। আন আন জীৱ জন্তুৰ দৰেই এটি শিশুৰ আচৰনো হয় প্রবৃত্তি পৰিচালিত। এই সময়ত শিশু আচৰণৰ কোনো নৈতিক অনৈতিকতাৰ প্রশ্ন নুঠে|

লাহে লাহে সমাজৰ লোকৰ সংস্পৰ্শ আৰু পৰিস্থিতিৰ সন্মুখীন হােৱাৰ লগে লগে সুখ-দুখৰ অনুভূতি আৰু অভিজ্ঞতাৰ যোগেদি শিশুৱে নৈতিক চেতনা লাভ কৰি উঠে। সেয়েহে  কব পাৰি যে শিশুৰ নৈতিকতা হৈছে এক শিক্ষালব্ধ অভিজ্ঞতা। এই কথাও এই প্ৰসংগতে এটি শিশুক নৈতিক অথবা অনৈতিক স্বৰূপে গঢ় দি তোলা হয়।

নৈতিক শিক্ষাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিৰ সহজাত জৈৱিক প্রবৃত্তি পৰিচালিত আচৰণ সমূহ সংশোধন কৰি উচ্চ মান বিশিষ্ট আদর্শ মূল্যবােধ, মনোভাৱ আৰু মানৱীয় অনুভূতি সমূহ বিকশাই তোলা। এনে কাৰ্য্যৰ যোগেদি শিশুৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্বৰ প্রয়োজনীয় গুণ বিকশাইতুলিব পাৰি, সুস্থ সুন্দৰ সামাজিক আৰু নৈতিক জীৱনত সহায় কৰিব পাৰি। মানুহৰ সমগ্র শিক্ষা ব্যৱস্থাটােৱে এনে নৈতিক শিক্ষা বিকাশৰ দ্বাৰা অনুভূতি সিক্ত কৰি তোলাটাে অতি প্রয়োজনীয়।

বর্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ দিশত লাভ কৰা অগ্রগতিয়ে মানুহৰ মন বস্তুবাদী জগতৰ প্ৰতি অধিক আকৰ্ষিত কৰি তুলিছে। দৈহিক সুখাভিমুখতাই মানুহক অধিক আত্মকেন্দ্ৰিক আৰু তেওঁলোকৰ মনৰ মূল্যবোধ, মনোভাৱ আৰু মানৱীয় অনুভূতি সমূহৰ সুস্থ আৰু আদর্শ বিকাশত বাধাৰ সৃষ্টি কৰি তুলিছে। তেওঁলোকৰ আচৰণত সুস্থ সুন্দৰ, মার্জিত আৰু সুৰুচীপূৰ্ণভাৱ-অনুভূতিবােৰৰ বিশেষ অভাৱ ঘটিছে। নৈতিকতাৰ দিশত বিকেৰ বিপৰ্য্যয় ঘটিছে। এনে এক অৱস্থাত আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত নৈতিকতাৰ জ্বলন পৰিলক্ষিত হৈছে। সেয়েহে ইয়াৰ প্ৰতিকাৰ কৰিবৰ বাবে বর্তমান সমাজত সকলোৱে নৈতিক শিক্ষাৰ প্রয়োজন অনুভৱ কৰাৰ পৰিলক্ষিত হৈছে। শিশু প্রায় দুবছৰ বয়সলৈকে নৈতিক চেতনাহীন হৈ থকা বাবে এই সময়ছােৱাত নৈতিক শিক্ষাৰ প্রয়োজন নাই। কিন্তু প্রাক প্রাথমিক আৰু প্ৰাথমিক পর্যােয়ত এনে শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগে। শিশুৰ নৈতিক শিক্ষা প্রত্যক্ষ আৰু পৰােক্ষ দুয়ো প্ৰকাৰে দিয়া উচিত। ইয়াৰ বাবে শিশুৰ বয়স, বোধশক্তি আৰু আৰু তাৰ নৈতিক চেতনা বিকাশৰ বিভিন্ন স্তৰত দেখা পোৱা বৈশিষ্টবোৰৰ প্রতি অভিভাৱক সকল সজাগ হােৱাৰ প্ৰয়োজন।

শিক্ষাৰ এই দুই পৰ্য্যায়ত শিশুৰ সমূহীয়া প্রার্থনা, গীত-মাত,নৃত্য আদি নৈতিক শিক্ষাৰ বিষয় স্বৰূপে গ্রহণ কৰিব লাগে। খেলা-ধূলা আদিত যাতে শিশুৱে অনুশাসন মানি গ্রহনযোগ্য নীতি নিয়মৰ অনুৱৰ্তী হৈ চলে আৰু আনুগত্যৰ ভাৱ প্ৰকাশ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্নতা, নিয়মানুৱৰ্তিতা, সময়ানুবর্তিতা আদি আচৰণ সমূহ অনুশীলনৰ যোগেদি শিশুৰ অভ্যাসত পৰিণত কৰিব লাগে। শিশুক সকলোৱে নৈতিক শিক্ষাদানৰ বাবে দৃশ্য-শ্ৰাব্য সজুলিবােৰৰ সৎ ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ শিশু মনত নৈতিকতাৰ ভাৱ জগাই তোলা চিত্ৰ, ৰঙীন চিত্ৰ কলা ভাস্কৰ্য্য, কথা চিত্র প্রদর্শন আদিৰ সহায় লৈ শিশু সকলক নৈতিক শিক্ষা প্রদান কৰিব পাৰে। শিশুৰ মনঃপুত হােৱা সাধুকথা, কাহিনী আদিৰ যোগেদি সহজে নীতি ক্ষন আৰু নীতি শিক্ষা দিব পাৰি। বিশেষকৈ মহাভাৰত ৰামায়ন আদি মহাকাব্যৰ পৰা নীতি ক্ষন দিব পৰা বহুতো কাহিনী নৈতিক শিক্ষাৰ বাবে নির্বাচন কৰি সত্যৰ জয় অসত্যৰ পৰাজয় হােৱা, অন্যায়ৰ প্ৰতি ভয় কৰা, পাপক ঘূনা কৰা, ভগৱানৰ প্ৰতি বিশ্বাস কৰা, দুখীয়া নিচলা আৰু দৈহিক ভাৱে অক্ষম লোকক সহায় কৰা, গুৰুৰ প্ৰতি ভক্তি আৰু আনুগত্য প্রকাশ কৰা, জীৱ-জন্তুৰ প্ৰতি দয়া কৰুণাৰ দৃষ্টিৰে চােৱা আদি নৈতিকতাৰ আদৰ্শ আৰু উপলব্ধি শিশু সকলৰ মনত জগাই তুলিব পাৰি। পৃন্দ্ৰথৱীৰ বিখ্যাত ধৰ্মগুৰু আৰু সমাজ সংস্কাৰক মহাপুৰুষ সকলৰ জীৱনী আৰু তেওঁলকৰ আদৰ্শ সমূহো শিশু উপযোগী কৰি শিক্ষা প্ৰদান কৰিব পৰা যায়।

ইয়াৰ উপৰিও ব্যৱহাৰিক জীৱনত প্রয়োজন হােৱা কেতবােৰ মানৱীয় অনুভূতিও শিশুৰ নিজৰ ক্রিয়া আচৰণৰ যোগে জগাই তোলাৰ ব্যৱস্থা কৰিব পাৰি। যেনে, দেশৰ প্ৰতি ভাল পোৱা, সমাজৰ প্ৰতি আনুগত্য, কর্তব্যৰ প্ৰতি নিষ্ঠা আৰু একাগ্ৰতাৰ ভাৱ, দুখ-কষ্টৰ প্ৰতি সহিষ্ণুতাৰ ভাৱ আৰু আনৰ প্ৰতি আত্মীয়তাৰ ভাৱ জগাই তোলা, আদি পৰিৱেশ গঢ়ি তুলিব লাগে। বর্তমান সময়ত বন সংৰক্ষন; বনৰীয়া জীৱ-জন্তু সংৰক্ষন, বৃক্ষ ৰােপন, বিশ্ব পৰিৱেশ দিৱস পালন, শিক্ষক দিবস পালন আদি কাৰ্য্যসূচীসমূহ গ্ৰহনৰ যোগেদি শিশুৰ মনত সেইবিলাক বিষয়ৰ ওপৰত নৈতিক চেতনা জগাই তুলিব পাৰি। নৈতিক শিক্ষা ব্যৱস্থাই সমাজ আৰু সম্প্রদায়ৰ লোকৰ সামাজিক সাংস্কৃতিক আৰু ধমীয় জীৱনৰ আশা-আকাংখ্যাও পুৰণ কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

 

(Image courtesy: SOISHAV, Nalbari)

Leave a Reply

%d bloggers like this: