আতচবাজি আৰু পৰিবেশ প্ৰদূষণ

আতচবাজি আৰু পৰিবেশ প্ৰদূষণ

মানৱ সমাজৰ প্ৰতিজন লোকেই মনত প্ৰশান্তিৰ বীজ সিচাৰ বাবে বিভিন্ন উত্‍সৱ পাৰ্বন, বিয়া সবাহ তথা বিভিন্ন খেল-ধেমালি আদিত অংশগ্ৰহণ কৰে। উত্‍সৱ সমূহ হ’ল মানুহৰ মন সতেজ কৰাৰ অন্যতম আহিলা। কোৱা বাহুল্য যে, লিখনিটোৰ জৰিয়তে কোনো উত্‍সৱ তথা অনুষ্ঠানৰ বিৰোধিতা কৰাৰ মৰসাহ কৰিব খোজা নাই। মাথোন মন মগজুত ক্ৰিয়া কৰা দুটামান সাধাৰণ কথা প্ৰবন্ধটোৰ জৰিয়তে উনুকিয়াব বিচাৰিছো। কবলৈ বিচাৰিছো আমাৰ মৰমৰ পৃথিৱীখনৰ চকুত কিছুমান কৰ্মকাণ্ডই চকুপানীৰ মালাধাৰ যাতে আৰি নিদিয়ক তাৰেই কাতৰ প্ৰাৰ্থনা মাথোন।

‘পৰিবৰ্তন’, এৰা শৈশৱৰ পদুলি গচকি কৈশোৰৰ জপনা খুলি এতিয়া যুৱকৰ শাৰীত থিয় হৈছো। সমগ্ৰ জীৱনযাত্ৰাৰ মাজতে দেখিলো প্ৰকৃতিৰ সিৰে সিৰে, কোহে কোহে সোমাই গ’ল প্ৰদূষণৰ বিষাক্ত বিজাণু। যিবোৰ জানি বুজিও আমি আমাৰ স্বাৰ্থ পূৰণৰ বাবে প্ৰকৃতিৰ বুকুত কুঠাৰাঘাত কৰি গৈ আছো।

প্ৰদূষণৰ মাত্ৰা বঢ়োৱাত বিভিন্ন ধৰণৰ উত্‍সৱ পাৰ্বণ আদিত ব্যৱহাৰ কৰা ফটকা, আতচবাজি আদিয়েও অৰিহনা যোগাই আহিছে। দেখা যায়, বিভিন্ন সময়ত ভগৱানক পূজা কৰিবলৈ ফটকা, ফুলজাৰি, আতচবাজি ফুটুওৱা হয়। আনফালে আমি পৃথিৱীখনক নিজৰ মাতৃ বুলিও পূজা কৰি আহিছো। চিন্তনীয় কথাটো এয়াই যে আমি এজন ভগৱানক সন্টুষ্ট কৰিবলৈ গৈ নিজৰ মাতৃক বিষাদৰ চকুপানী টুকিবলৈ আগবঢ়াই দিছো। পৃথিৱীৰ চকুপানী আৰু প্ৰত্যেক ব্যাক্তিৰ নিজৰ মাতৃৰ চকুপানী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি মাথোন। যেতিয়াই আমি এখন সুস্হ সবল প্ৰকৃতিৰাজ্যৰ জন্ম দিব পাৰিম তেতিয়াই সকলো ভগৱান সন্টুষ্ট হ’ব বুলি মই ভাবো।

কাৰ্যক্ৰমণিকা বিলাকত দেখো ‘টোপধ্বনি’ নামৰ এটা অনুষ্ঠান। ইয়াৰ পিছত থাকে এজন গন্য মান্য ব্যক্তিৰ নাম। নিৰ্দিষ্ট সময়ত তাত বাজি উঠে দুটামান অৰ্থহীন গুৰুম গুৰুম শব্দ। সেই অনুষ্ঠানটোৰ কিবা যথাৰ্থতা বা প্ৰয়োজনীয়তা আছে বুলি নাভাবো। ইয়াৰ ধোৱা সমূহে বায়ু প্ৰদুষন তথা ভীতিগ্ৰস্হতাৰ পৰিবেশ সৃষ্টি কৰাৰ বাদে অইন একো আশাৰ বতৰা কঢ়িয়াব নোৱাৰে ।

বিবাহ হ’ল সুখৰ সংসাৰ এখন চলাই নিয়াৰ প্ৰথম পদক্ষেপ । এই বিবাহ অনুষ্ঠানবোৰতো দেখা যায় দৰাপক্ষ আৰু কইনাপক্ষৰ মাজত চলা অবাধ ফটকা, আতচবাজি ফুটুৱাৰ প্ৰতিযোগিতা। যিখন দেশ ভাৰতবৰ্ষ এতিয়াও ইয়াত এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰা লোক আছে অথচ এই দেশৰ নাগৰিকসকলে অবাবত ইমান টকা খৰচ কৰে । অৰ্থনৈতিক দিশটোৰ কথা নকলোৱে যেনিবা, পৰিবেশ প্ৰদুষনৰ কথা এবাৰ ভাবকচোন ? তাৰ পৰা ওলোৱা বিষাক্ত ধোৱা ছাই এইবোৰ আমাৰ অপকাৰ নকৰিব নে ?  যদি আমাৰ দেহৰ অপকাৰেই কৰে সেই আনন্দৰ মূল্যই বা ক’ত ?

এৰা …. এতিয়া আমাৰ সকলোৰে ভাবিবৰ হ’ল । দুখ লাগে ওপৰোক্ত অনুষ্ঠান সমূহৰ লগত যেতিয়া জনা-বুজা, গুনী-জ্ঞানী, সন্মানীয় লোক সকল জড়িত থাকে । কেতিয়াবা এইবোৰ কবলৈ গলে বিভিন্ন প্ৰশ্নৰ সম্মুখীন হওঁ । সকলোৱে ফটকা ফুটাই এজনে ব্যৱহাৰ নকৰিলে কি হ’ব ? তেতিয়া মোৰ উত্তৰ যে তুমি, আপুনি বা মই ভাল হৈ দেখুবাও চোন । যেতিয়া বৰষুণ দিয়ে তেতিয়া দেখোন এটোপ এটোপকৈ পুখুৰী খাল, বিল, ভৰি পৰে ।  এবাৰ আমি তেনে এটোপ বৰষুণ হৈ দেখুৱাওঁচোন । শেষত আপোনাসৱ সকলোকে অনুৰোধ কৰো যে ফটকা, ফুলজাৰি, আতচবাজি, বাৰুদ আদিৰ ব্যৱহাৰ নকৰিব । পৃথিৱীখনক সুস্হ সবলৰূপে জীয়াই থাকিবলৈ দিয়ক । এবাৰ ভাবি চাওকচোন আপোনাৰ সন্তানৰ ভবিষ্যত তথা নৱপ্ৰজন্মৰ কথা । আহক আমি এখন সুস্হ সবল প্ৰকৃতিৰ জন্ম দি নৱপ্ৰন্মৰ বাবে অনুপ্ৰেৰণা হৈ ৰওঁ ।

Leave a Reply

%d bloggers like this: