ইন্টাৰনেটত অসমীয়া ভাষাৰ প্ৰয়োজনীয়তা

ইন্টাৰনেটত অসমীয়া ভাষাৰ প্ৰয়োজনীয়তা

ইন্টাৰনেটৰ সুবিধাৰ কথা কোৱাটো হয়তো আজিকালি সময় নষ্ট কৰা যেন হে হ’ব। কিন্তু এটা চিন্তা কৰিবলগীয়া কথা হৈছে, সকলোৱে ইন্টাৰনেটৰ সুবিধা পাইছে যানো? হয় এইটো এটা মনলৈ অহা ডাঙৰ প্ৰশ্ন । বিভিন্ন কাৰণত মানুহে ইন্টাৰনেটৰ সুবিধা ল’ব নোৱাৰে আৰু তাৰ ভিতৰত এটা প্ৰধান কাৰণ যিটো অসমীয়া ব্যৱহাৰকাৰীৰ মাজত দেখিছো, সেইটো হ’ল ভাষা । আমাৰ সমাজত ইংৰাজী বুজি নোপোৱা মানুহো বহুত আছে যাৰ কাৰণে তেওঁলোক ইন্টাৰনেটৰ পৃথিৱীৰ লগত জড়িত হ’ব নোৱাৰে বা কেতিয়াবা হ’ব লগা হলেও আনৰ সহায় লব লাগে। তাৰোপৰি বহুতো লিখকৰ ইংৰাজীত লিখিবলৈ অসুবিধা পায়। এবাৰ ভাবি চাওঁ আহকচোন, এইটো এটা সমস্যা হয় নে নহয়, আৰু যদি হয় তেতিয়াহ’লে ইয়াৰ উপায় কি কি হ’ব পাৰে।

মাত্ৰ কেইটিমান ৱেবছাইটহে অসমীয়াত উপলব্ধ । ইয়াৰ ভিতৰত অসমীয়া ৱিকিপেডিয়া, বিকাশপেডিয়া, লগতে কেইটিমান ব্লগ। কিন্তু এইখিনিয়ে যথেষ্ট নহয়। পৃথিৱীৰ সকলো তথ্য, যি বোৰ ইংৰাজীত পোৱা যায়, সেই সকলোবোৰ অসমীয়াত পোৱা নাযায়। যাৰ কাৰণে ইংৰাজী বুজি নোপোৱা মানুহে ইন্টাৰনেটৰ পৰা তথ্য চাব নোৱাৰে বা ব্যৱহাৰ কৰিব নোৱাৰে । কিন্তু ইন্টাৰনেটত পৃথিৱীৰ বিভিন্ন ভাষাত আৰু লগতে আমাৰ ভাৰতবৰ্ষৰো কিছুমান ভাষা যেনে তামিল, বাংলা, গুজৰাটী আদিত আজিকালি তথ্য পোৱা যায় ।

অসমীয়া ভাষাৰ গুৰুত্ব দিনক দিনে কমি যোৱা বুলি মাজে মাজে বাতৰি কাকত, আলোচনী আদিত পঢ়িব পাওঁ। প্ৰযুক্তি বিদ্যা আৰু ইন্টাৰনেটৰ কবলত পৰি অসমীয়া ভাষাৰ গুৰুত্ব আৰু কমি যাব বুলি সন্দেহ হৈছিল। কিন্তু কিছুমান চৰকাৰী বিভাগ, কিছুমান অনুষ্ঠান আৰু কেইজনমান সন্মানীয় মানুহৰ কিছুমান অবদানে এই সন্দেহ কিছু হলেও দুৰ কৰিছে। উদাহৰণস্বৰূপে অসমীয়া ইউনিকোড (Unicode) টাইপিং ছ’ফটোৱেৰ, অসমীয়া ফ’ণ্ট ইত্যাদি। লগতে এতিয়া কম্পিউটাৰ, ফোন আদিতো অসমীয়া ফ’ণ্ট গ্ৰহণ কৰে।

গতিকে এতিয়া ইন্টাৰনেটত অসমীয়াত লিখিব পৰা হ’ল, পঢ়িব পৰা হ’ল, অসমীয়াত টাইপ কৰি চাৰ্ছ কৰিব পৰা হ’ল। সেয়েহে প্ৰতিজন অসমীয়া ব্যাক্তি যিয়ে বিভিন্ন মাধ্যমেৰে ইন্টাৰনেটত তথ্য দিয়ে, তেখেত সকলক ইংৰাজীৰ লগতে অসমীয়া ভাষাতো তথ্যবোৰ দিবলৈ অনুৰোধ জনালোঁ আৰু লগতে  ইন্টাৰনেট ব্যৱহাৰকাৰী সকলক অসমীয়াত তথ্য বিচাৰিবলৈ অনুৰোধ জনালোঁ। এনেকুৱা পদক্ষেপে নিশ্চয়কৈ অসমীয়া ভাষাক চহকী কৰাত কিছু সহায় কৰিব আৰু বিশ্বত আমি অসমীয়াবোৰৰ এটা নিজস্ব পৰিচয় ডাঙি ধৰিব।

Leave a Reply

%d bloggers like this: