বৃক্ষৰোপন আৰু আমাৰ সচেতনতা

বৃক্ষৰোপন আৰু আমাৰ সচেতনতা

বিশ্ব পৰিৱেশ দিৱস ৫ জুন,সকলোৰে কম বেছি পৰিমানে মনত থকা এটা উল্লেখযোগ্য দিন। উক্ত দিনাই আমি পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধান, পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰা,বৃক্ষৰোপন কৰা আদি পৰিৱেশৰ উপযোগী বিভিন্ন কার্যপন্থা হাতত লওঁ, আনকি এইকামবোৰ কৰিবলৈ দৃঢ় প্রতিজ্ঞাৱদ্ধ হওঁ। কিন্তু দুখৰ বিষয় সেই কার্যপন্থা তথা প্রতিজ্ঞাবোৰ সেইদিনটোতে আমাৰ মনৰ পৰা হেৰাই যায়। তাৰ পিছদিনাৰ পৰাই সকলো পাহৰণিৰ গৰ্ভত লুকাই পৰে। এই বিষয়ত কেতিয়াবা আমি নিজকে প্রশ্ন কৰিছোনে? পৰিৱেশ সংৰক্ষণৰ নামত আমি কিমান সচেতন ? পাৰিছোনে আমি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি চলিব? প্রকৃতিৰ ওপৰত আমি বাৰু নিতৌ মাধমাৰ সোধাই গৈছে নেকি? এইবোৰ দিশত আমাৰ চাগে এই প্রশ্নবোৰ ক্ৰমান্বয়ে এলাগী হৈ পৰিছে ।  এই ক্ষেত্ৰত আমাৰ মাজত পৰিৱেশ সচেতনতাৰ অভাৱ বুলি কলেও ভূল কোৱা নহ’ব ।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি থকা বিষয় হ’ল বৃক্ষৰোপন । বৰ্ত্তমান ই বিশ্ব পৰিৱেশ দিবসৰ সভা-সমিতি আদিৰ মাজতো সোমাই পৰিছে। এই দিশবোৰৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে বৃক্ষৰোপন বৰ্ত্তমানৰ অনুষ্ঠানবিলাকৰ এটা এৰাব নোৱাৰা পর্ব । কিন্তু ইয়াৰ লক্ষ্যনীয় দিশটো এয়াই যে বৃক্ষৰোপন প্রক্রিয়াটো কেনেধৰণৰ হয়, বিশেষকৈ বৰ্ত্তমানৰ অনুষ্ঠানবিলাকত । দেখা যায়, বৰ্ত্তমানৰ প্রায়বোৰ অনুষ্ঠানৰ বৃক্ষৰোপনৰ দায়িত্বত থাকে এজন সমাজৰ বিশিষ্ট ব্যক্তি। তেখেতৰ হাতেৰেই বিভিন্ন মংগলধ্বনিৰে ৰোপন কৰো গছপুলি । গতিকে ইয়াতে বৃক্ষৰোপন প্রক্রিয়া শেষ। অনুষ্ঠানটো শেষ হোৱাৰ দুদিন পিছত এবাৰ গছপুলিটোৰ ফালে লক্ষ্য কৰিবচোন । গছপুলিটো দেখিলে এনে লাগিব যেন সি এজন ভোকাতুৰ মানুহ আৰু খাদ্যৰ অভাৱত মুখমেলি আছে। হায়তো এই মানুহবোৰে তাৰ জীৱনটোক তিল তিলকৈ মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দিছে । অনুষ্ঠানৰ বিষয়ববীয়া সকলে যে, তেওঁলোকৰ আৰু সেই গছপুলিটোৰ সৈতে দেখাদেখিয়েই নহয় । এয়াই বৰ্ত্তমানৰ বৃক্ষৰোপন অনুষ্ঠান আৰু আমাৰ বৃক্ষৰোপনৰ মানসিকতা । এনেদৰে বৃক্ষৰোপন কৰা গছপুলিবিলাকৰ কেইটা জীয়াই থাকে আমি লক্ষ্য কৰিলে সহজতে চকুত ধৰা দিয়ে । ইয়াৰ বাবে দায়ী কোন? আপুনি বা ময়েই ইয়াৰ বাবে দায়ী । যদি আজি গছবোৰৰ মানুহৰ দৰে কথা কোৱাৰ শক্তি থাকিলেহেতেনে হয়তো সিহঁতে মানুহ জাতিটোৰ ওপৰত জংগী আন্দোলন গঢ়ি তুলিলেহেতেন ।

আজিকালি দেখা যায় ৰাস্তাৰ কাষে কাষে বৃক্ষৰোপন কৰা হৈছে । গতিকে ইয়াক এক উৎকৃষ্ট পদক্ষেপ বুলি কব পাৰি । কিন্তু ইয়াতো একেই পৰিস্হিতি ।  গছপুলিবোৰ দেখিলে এনে লাগে যেন নামতহে বা আনকি সকলোৱে দেখাকৈহে ৰোপন কৰা হে । পুলিবোৰৰ ওপৰত গৰু-ছাগলীয়ে নোখোৱাকৈ দিয়া হৈছে এটা বাহঁৰ আৱৰণ । ইয়াৰ পিছত দিন বাগৰৰ লগে লগে দেখিব যে সেই আৱৰণটো নাই, হয়তো সি কাৰোবাৰ ঘৰৰ চৌকাত আত্মসমৰ্পণ কৰি চাহ ভাতৰ সাক্ষী হৈছেগৈ । গছপুলিটো একা কোনোটো পুলিৰ চিনেই নাই আৰু যিটো পুলি বাছি আছে তাৰ অৱস্হা হৈছেগৈ সাতদিন সাতৰাতি লঘোনে থকা ভোকাতুৰ ভিক্ষাৰীজনৰ দৰে । যদিহে কোনো সদাশয় লোকে তাত পানী এটুপি দিলেহেঁতেন হয়তো তাৰ অৱস্হা এনে দিশলৈ গতি নকৰিলেহেঁতেন।

এতিয়া সংবাদ মাধ্যমত নিতৌ দেখিবলৈ পোৱা যায় কাঠ, গছবোৰ কাটি লৈ যোৱাৰ মুকলি দৃশ্য । কিমানদিনলৈ চলিব বাৰু এই বনধ্বংস যজ্ঞ ?  এইটো স্বীকার্য বিষয় যে গছ, বন কাঠ আমাক লাগে আৰু তাৰ বাবে হয়তো আমাৰ প্রয়োজন অনুসৰি এইবোৰ সংগ্রহো কৰিব লাগিব । সেইবাবে গছ এজোপা কাটিলে দহজোপা ৰোপন কৰক । অন্ততঃ এজোপাই ভালকৈ প্রতিপালন কৰি ৰোৱকচোন । সৌ সিদিনা সংবাদ মাধ্যমত দেখিলো অসমৰে কোনো এখন ঠাই (নামটো মনত নৰ’ল) ত বৃক্ষৰোপন কৰি অভিলেখ গঢ়া হৈছিল কিন্তু বৰ্ত্তমান সেই ঠাইখিনি গৰু ছাগলীৰ চৰনীয় পথাৰত পৰিণত হৈছে । এনে উদাহৰণ হয়তো হাজাৰ লাখ ওলাই থাকিব যেতিয়ালৈকে আমাৰ মাজত বৃক্ষৰোপনৰ সচেতনতা আহি নপৰে ।

বৃক্ষৰোপনৰ ক্ষেত্ৰত অভিভাৱক সকলৰ গুৰুত্বতা অনস্বীকার্য । প্রত্যেকজন অভিভাৱকে নিজৰ সন্তানক আগ্রহী কৰি তুলিব লাগিব । কিয়নো সন্তানৰ ভৱিষ্যতৰ বাবে ই বাৰুকৈয়ে প্রয়োজনীয় । যিদৰে বৰ্ত্তমান সময়ত গছ কাটি তহিলং কৰা হৈছে ভবিষ্যত প্রজন্মৰ বাবে ই কিমান বিপদজনক সি সহজতেই অনুমেয় । সেয়েহে আপোনাৰ সন্তানৰ প্ৰতি থকা মৰম স্নেহখিনি সমপৰিমানে বিলাই দিয়ক গছপুলিবোৰৰ মাজত । বৰ্ত্তমান পৰিস্হিতিত আমাক এনে অভিভাবকৰ প্ৰয়োজন, যিয়ে সন্তানক বৃক্ষৰোপনৰ সম্যক জ্ঞান প্ৰদানৰ লগতে নিজেও এই ক্ষেত্ৰত বিশেষ আগ্ৰহী হয় । আহক আমি সকলোৱে মিলি এটা সুস্হ সবল সেউজীয়া পৰিবেশ গঢ়ি তোলা । কিয়নো বৰ্ত্তমান পৰিস্হিতিত প্রাকৃতিক ভাৰসাম্যৰ নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে । এবাৰ চিন্তা কৰাটো প্ৰয়োজন যে এনে ধৰণে যদি বনধ্বংসযজ্ঞ চলি থাকে আমাৰ আমাৰ ভৱিষ্যত কি হব? আমাৰ ভৱিষ্যত নৱপ্ৰজন্মই আমাৰ এই কুকৰ্মৰবোৰৰ ফল ভোগ কৰিব লাগিব ।  প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বৰ্ত্তমান সমাজখন প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰাত সিদ্ধহস্ত হৈ পৰিছে । আমি প্ৰত্যেকেই এতিয়া নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত প্লাষ্টিক ব্যৱহাৰ কৰো ।  এই প্লাষ্টিকজাতীয় সামগ্ৰীবোৰেও প্ৰদূষণ বঢ়াইছে লগতে গছ-গছনিৰ বিকাশত বাধাৰ প্ৰাচীৰ স্বৰূপে থিয় দিছে । সেইবাবে আমি এই প্লাষ্টিকৰ  ব্যৱহাৰ একেবাৰে নাইকীয়া কৰি তোলাতো গুৰুত্ব দিব লাগিব ।

বৰ্ত্তমান সময়ৰ পৰিস্থিতিলৈ চাই দেখা যায় যে বৃক্ষৰোপন মানৱ জাতিৰ বাবে এক এৰাব নোৱাৰা অংগ হৈ পৰিছে । এতিয়া আমি সকলোৱে মিলি গছপুলি ৰোপন কৰাৰ লগতে ইয়াৰ প্ৰতিপালনৰ ব্যৱস্হা গ্ৰহনৰ শপত লও আহক । ইয়ে হয়তো প্ৰত্যেকদিনাই আমাক আনি দিব ‘বিশ্ব পৰিবেশ দিৱস ৫ জুন’ ।

Add a Comment

Your email address will not be published. Required fields are marked *